ভূতৰ ওপৰত দানহ: হান্টা ভাইৰাছ !! (HANTA VIRUS)


  'ৰুণা ভাইৰাছৰ সন্ত্ৰাস যাওঁতেই  আৰু এক নতুন ভাইৰাছে গা কৰি উঠাৰ খবৰ পোৱা গৈছেইয়াৰ উৎস হৈছে আকৌ সেই চীন দেশএই ভাইৰাছ বিধৰ নাম হৈছে - "হান্টা ভাইৰাছ"বা ‘’অৰ্থ হান্টা ভাইৰাছ" (Hantavirus OR Orthohantavirus) I

"হান্টা'' ভাইৰাছ কি?:-
 এক প্ৰকাৰৰ বীজাণুৰ জিন।এই বীজাণু বিধ হান্টা ভিৰিদি পৰিয়ালৰ আৰু  ইয়াৰ বৰ্গ হৈছে বোনিয়া ভাইৰেল। সাধাৰনতে এই বীজাণু বিধ নিগনি বা চিকাৰ(সৰু প্ৰজাতি) দেহত পোৱা যায় কিন্তু ইয়াৰ দ্বাৰা সিহঁতৰ কোনো অপকাৰ নহয় মানুহৰ দেহলৈ এই বীজাণু বিধ  সংক্ৰমিত হোৱাৰ মাধ্যম বোৰ হৈছে- আক্ৰান্তু হোৱা নিগনিৰ মল-মূত্ৰ , লেলাৱতি আৰু আধা খোৱা খাদ্যৰ সংস্পৰ্শ

ৰোগ:-
ইয়াৰ ফলত দেখা দিয়া ৰোগ দুবিধ হল ক্ৰমে
1)বৃক্ক জনিত হান্টা সেমৰ'হেজিক ৰোগ(Hemorhhagic fever with renal syndrome-HFRS)আৰু 
2)হাওঁফাও জনিত হান্টা ৰোগ(Hantavirus pulmonary syndrome-HPS) Iএই বীজাণু বিধ বায়ুৰ মাধ্যমেৰে শ্বাহ-প্ৰশ্বাহৰ যোগেদি আমাৰ দেহত প্ৰৱেশ কৰিলে , হাওঁফাও জনিত হান্টা ৰোগ হয়এই ৰোগ বিধ কেৱল নিগনি প্ৰজাতিৰ দ্বাৰা সংক্ৰমন হয় বুলি ভৱা হৈছিল যদিও 2015, 2019  মানুহৰ পৰা মানুহলৈ সংক্ৰমন হোৱা দেখা গল
বুৰঞ্জী:-
এই ৰোগ বিধ আজিৰ নহয়।  বুৰঞ্জী লৈ লক্ষ্য কৰিলে দেখা যায়যে 1485 চনত ইংলেণ্ডত হোৱা ঘাম-জ্বৰৰ মূল এই বীজাণু বিধেই আছিল।

1950-1953 চনত কোৰিয়ান যুদ্ধৰ সময়ত প্ৰায় 3000 আমেৰিকান আৰু কোৰিয়ান সৈনিক আক্ৰান্ত হৈছিল আৰু মৃত্যুৰ সম্ভাৱনা আছিল প্ৰায় 10%এছিয়াত দক্ষিণ কোৰিয়াৰ হান্টান নামৰ নদীৰ ওচৰৰ এলেকাত  এই বীজাণুৰ উৎপত্তি স্থল হোৱা বাবে এই বীজাণু বিধৰ নাম হান্টা  দিয়া হয়



1993 চনত দক্ষিণ- পশ্চিম আমেৰিকাত এই বীজাণু দ্বাৰা হোৱা ৰোগ দেখা গৈছিলআকৌ সেই বীজাণু 2020চনত পুনৰ সক্ৰিয়তাৰ প্ৰমান পোৱা গল।যিহেতু এই বীজাণু জিনৰ লগত সংলগ্ন, গতিকে বংশ গত  অথাৰ্ৎ  প্ৰজন্ম অনুসাৰে কেতিয়াবা সুপ্ত অথবা সক্ৰিয় হৈ উঠে
বীজাণুৰ লক্ষ্যণ সমূহ 
১।HFRS-বীজাণু সংক্ৰমন হোৱাৰ 2 পৰা 4 সপ্তাহৰ পাছত  ৰোগীৰ বৃক্ক বিকল হোৱা, ভয় ভাৱ আৰু দেহৰ ভিতৰত ৰক্ত ক্ষৰণ আদিৰ লক্ষ্যণ সমূহ দেখা যায়
২। HPS-  কাহঁ , জ্বৰ , মাংস পেশীৰ বিষ, দুৰ্বল ভাৱ , মূৰৰ বিষ ইত্যাদি এনে ৰোগীৰ শ্বাহ-প্ৰশ্বাহত অসুবিধা হোৱা বাবে অক্সিজেন যোগান ধৰাৰ প্ৰয়োজনো হব পাৰে মৃত্যুৰ সম্ভাৱনা  প্ৰায় 36 % I

 প্ৰতিষেধক- 
বৰ্তমানৰ লৈকে  এই বীজাণু   প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই
ৰিবাভিৰিন(Ribavirin)নামৰ ঔষধ   বিধ এই বীজাণুৰ বিৰেদ্ধ ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ কাৰ্য্য ক্ষমতাৰ পৰিমান এতিয়াও অগ্যাত এই ৰোগত আক্ৰান্ত লোকক চিকিৎসালয়ত ৰ্ভতি কৰি উপযুক্ত অক্সিজেন আৰু এন্টি বায়টিক্সৰ ব্যৱস্থা কৰিব লাগে1990 চনৰ পৰা এই বীজাণু প্ৰতিৰোধৰ বাবে  হান্টাভেক্স(Hantavax)নামৰ চিতাৰ(Vaccine)বিষয়ে গৱেষণা কৰি থকা হৈছে 
লবলগীয়া সাৱধাণতা-
1)সকলো ধৰণৰ খাদ্য বস্তু ঢাকি ৰাখক
2)পোহনীয়া মেকুঁৰী ৰখাৰ ব্যৱস্থা কৰক

Post a Comment

0 Comments